Freshman Social at Demow College. 29.8.26

A few images with videos of Freshmen Social, 2025-26, organized by Demow College Students Union, 2025-26. Mr. Pankaj Borthakur, Registrar, SSASU, Chabua was the Chief Guest, Mr. Aditya Sharma, Vice President, Sivasagar District Students Union also attended the programme as guest of honour.
August 30, 2026
Khel Ki Baat, PM Ke Saath
September 1, 2026

Freshman Social at Demow College. 29.8.26

যোৱা 29 আগষ্ট তাৰিখে ডিমৌ মহাবিদ্যালয়ৰ নৱাগত আদৰণি সভাখন অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ কৃষ্ণজ্যোতি সন্দিকৈয়ে সভাখন উদ্ধোধন কৰি আদৰণি ভাষণ আগবঢ়োৱাৰ পাছতে ডিমৌ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক অবিনাশ গগৈয়ে অভিভাষণ পাঠ কৰে। মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক শ্ৰীযুত পংকজ বৰঠাকুৰ। তেখেতে শৈক্ষিক ক্ষেত্ৰৰ বিভিন্ন দিশ সামৰি ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। সভাত শিৱসাগৰ জিলা ছাত্ৰ-সন্থাৰ উপ-সভাপতি অভিজিত শৰ্মা আৰু ডিমৌ মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক জয়ন্ত গগৈ উপস্থিত থাকে ।সভাত ২০২৬বর্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা মহাবিদ্যালয়ৰ ছাত্ৰ দেৱজিত হাজৰিকাক সম্বৰ্ধনা জনোৱা হয়। মহাবিদ্যালয়ৰ ছাত্ৰী য়াচমিন বেগম আৰু পূজা দাসে আঁতধৰা নৱাগত আদৰণি সভাখনিৰ সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল যুৱ প্ৰজন্মৰ জনপ্ৰিয় কণ্ঠশিল্পী সান্নিধ্য ভূঞা। সান্নিধ্য ভূঞাৰ লগত ডিমৌৰ দুই ভাতৃ গীতাৰ্থপ্ৰতিম বৰা আৰু পাৰ্থপ্ৰতিম বৰাইও গীত পৰিবেশন কৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিপুল সঁহাৰি লাভ কৰে। মহাবিদ্যালয়ৰ ন-পুৰণি ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি সভাখন উৎসৱমুখৰ কৰি তোলা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *